অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিবেশন ২৪ জুনৰ পৰা অনুষ্ঠিত হ’ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিনে ৰিজিজুৱে সংসদৰ কামকাজ সুচাৰুৰূপে চলোৱাৰ বাবে সকলোৰে সৈতে একেলগে কাম কৰিবলৈ চৰকাৰ আগ্রহী বুলি প্ৰকাশ কৰিছে। প্ৰথম অধিৱেশনৰ গুৰুত্বত আলোকপাত কৰি শ্ৰী ৰিজিজুৱে কয় যে, এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ, অধ্যক্ষৰ নিৰ্বাচন আৰু সংসদৰ দুয়োখন সদনত ৰাষ্ট্ৰপতিয়ে ভাষণ দিয়াৰ নিয়ম আছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মন্ত্ৰী ৰিজিজুৱে আশা প্রকাশ কৰে যে, সকলো নৱনিৰ্বাচিত সদস্যই ভাৰতীয় সংসদৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ সহায় কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যসভাৰ অধিৱেশনো ২৭ জুনত আৰম্ভ হ’ব। দুয়োখন সদনৰ অধিৱেশন ৩ জুলাইত সমাপ্ত হ’ব।
Assamese | June 15, 2024 2:21 PM | India | Lok Sabha | Parliament House
২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিবেশন