ৰাজ্যৰ দুগ্ধ উৎপাদন ক্ষেত্ৰক অধিক উজ্জীৱীত কৰি তোলাৰ লক্ষ্যৰে অসম মন্ত্রীসভাই ৰাণীৰ ফাৰ্ম মেনেজমেণ্ট প্ৰতিষ্ঠানৰ ২০ বিঘা ভূমি আমূল কোম্পানীক লীজত দিয়াৰ বাবে অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। মন্ত্রীসভাই অহা অক্টোবৰৰ পৰা বছা বছা কেইখনমান জিলাত ৰাজ সাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ হিতাধিকাৰীৰ মাজত বিতৰণৰ বাবে অনুমোদন জনায়। অসমত ব্যক্তিগতখণ্ডৰ বিনিয়োগক উৎসাহিত কৰি নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে মন্ত্রীসভাই আই আই পি এ অধীনত দুটাকৈ প্ৰস্তাৱত অনুমোদন জনায়। তদুপৰি ড০ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনত এহেজাৰ ৩১৩ গৰাকী অংশকালীন আই চি টি শিক্ষকৰ মাহিলী মাননী অহা অক্টোবৰৰ পৰা ২০ হাজাৰ টকালৈ বৃদ্ধিৰ অনুমোদন জনায়। মন্ত্রীসভাই তেওঁলোকক ৬০ বছৰ বয়সলৈ সেৱা প্ৰদানৰ নিশ্চয়তা দিয়ে। ইয়াৰ ফলত তেওঁলোক মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা, আপোন ঘৰ আৰু আপোন বাহন আঁচনীৰ বাবে যোগ্য বিবেচিত হ’ব।
Assamese | May 16, 2025 8:20 PM | CM - Amul Company
২০ বিঘা ভূমি আমূল কোম্পানীক লীজত দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ অনুমোদন