May 16, 2025 8:20 PM

views 27

২০ বিঘা ভূমি আমূল কোম্পানীক লীজত দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ অনুমোদন

ৰাজ্যৰ দুগ্ধ উৎপাদন ক্ষেত্ৰক অধিক উজ্জীৱীত কৰি তোলাৰ লক্ষ্যৰে অসম মন্ত্রীসভাই ৰাণীৰ ফাৰ্ম মেনেজমেণ্ট প্ৰতিষ্ঠানৰ ২০ বিঘা ভূমি আমূল কোম্পানীক লীজত দিয়াৰ বাবে অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। মন্ত্রীসভাই অহা অক্টোবৰৰ পৰা বছা বছা কেইখনমান জিলাত ৰাজ সাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ হিতাধিকাৰীৰ মাজত বিতৰণৰ বাবে অনুমোদন জনায়। অসমত ব্যক্তিগতখণ্ডৰ বিনিয়োগক উৎসাহিত কৰি নিয়োগৰ সুযোগ সৃষ্টিৰ বা...