২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা আজি আৰম্ভ হৈছে। এই স্ব-গণনা প্ৰক্ৰিয়াৰ অহা ১৬ আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্ব-গণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ’ব।
ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল ২০২৭ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব।
এই প্রক্রিয়াত ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে se.census.gov.in পর্টেলত গৈ নিজৰ ম’বাইল নম্বৰ ব্যৱহাৰ কৰি অটিপিৰ জৰিয়তে লগ ইন কৰিব লাগিব।
প্রতিদিনে পুৱা ৬ বজাৰ পৰা মাজনিশা পর্যন্ত খোলা থকা এই প’র্টেলত অসমীয়া, ইংৰাজী, আদিকে ধৰি অন্যান্য ১৪টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্ব-গণনা প্রক্রিয়াত সকলোকে অংশ ল’বলৈ আহ্বান জনাইছে।
বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি নিজা বাসগৃহত স্ব-গণনা প্রক্রিয়া সম্পূৰ্ণ কৰি কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্রিয়ভাবে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয়, যে অনলাইন স্ব-গণনা সহজেই কৰিব পাৰি। চৰকাৰী প’ৰ্টেলত স্মার্টফোন, লেপটপ বা ইণ্টাৰনেট ব্যৱহাৰকাৰী যিকোনো আহিলাৰ দ্বাৰা এই কাম কৰিব পাৰি বুলি তেওঁ কয়।