২০২৫ বৰ্ষৰ অসম বৈভৱ আৰু অসম সৌৰভ বঁটাসমূহ ঘোষণা কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে বিশিষ্ট চিকিৎসক ডাঃ হর্ষ ভট্টাচার্যলৈ ২০২৫ বৰ্ষৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে। একেদৰে ২০২৫ বৰ্ষৰ অসম সৌৰভ বঁটাৰ বাবে চাৰিগৰাকী ব্যক্তিক বাচনি কৰা হৈছে।
তেওঁলোক হৈছে- বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জী, পৰিৱেশবিদ পূর্ণিমা দেৱী বৰ্মন, বণ্যপ্রাণী বিশেষজ্ঞ তথা হস্তি চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মা আৰু পদ্মশ্ৰী সন্মানেৰে বিভূষিত কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ।
আনহাতে ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰী, দবাৰ গ্ৰেণ্ডমাষ্টাৰ মায়ংক চক্ৰৱৰ্তী, সমাজকর্মী তথা চাহ খেতিয়ক দেবীপ্রসাদ বাগ্ৰোদিয়াকে ধৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৫ বৰ্ষৰ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে।
ৰাজ্য চৰকাৰে এইবাৰ প্ৰথমবাৰৰ বাবে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতিত ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এইবাৰ যশস্বী গায়িকা ঊষা মংগেশকাৰলৈ এই বিশেষ বঁটা আগবঢ়োৱা হৈছে।
তিনি বছৰৰ মূৰে মূৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী শিল্পীক এই বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত প্ৰশস্তি পত্ৰৰ লগতে ১০ লাখ টকা থাকিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব ৷
মন্ত্ৰীসভাৰ বৈঠকত আন এটা আন্তঃৰাষ্ট্ৰীয় বঁটা শংকৰদেৱ বঁটাৰ ধনৰাশিৰ পৰিমাণ ১৫ লাখ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। ড০ শৰ্মাই অহা মাহৰ ভিতৰত ২০২৬ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাসমূহ ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে।
মন্ত্ৰীসভাৰ বৈঠকত আজি ৰঙিয়াত তিনিশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৱালস্পান গ্ৰুপৰ এটা প্ৰকল্পটো অনুমোদন জনায়। এই প্রকল্পই প্রায় ৩০০ লোকক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।