বিশ্ব বেংকে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ সম্পৰ্কীয় পূর্বানুমান পূৰ্বৰ ৬.৬ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি কৰিছে। আন্তৰাষ্ট্ৰীয় বিত্তীয় প্রতিষ্ঠানটোৱে কৈছে যে, ব্যক্তিগত ব্যৱহাৰ আৰু বিনিয়োগৰ দৰে মুখ্য কাৰকসমূহৰ বাবে মধ্যৱৰ্তী সময়ছোৱাত দেশৰ আৰ্থিক বিকাশৰ হাৰ শক্তিশালী হৈ থাকিব। আন্তৰাষ্ট্ৰীয় মুদ্ৰানিধি আই এম এফেও আশাব্যঞ্জক দৃষ্টিভংগী প্রকাশ কৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ভাৰতত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ সম্পৰ্কীয় পূর্বানুমান ২০ আধাৰ পইণ্ট বৃদ্ধি কৰি ৭ শতাংশলৈ উন্নীত কৰিছে। পাৰিসাংখ্যিক আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ত্রিমাসিক পূর্বানুমান অনুসৰি ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহৰ ৬.৭ শতাংশ হোৱাৰ সম্ভাৱনা আছে।
Assamese | September 3, 2024 8:06 PM | GDP | India | World Bank
২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিশ্ব বেংকে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ সম্পৰ্কীয় পূর্বানুমান পূৰ্বৰ ৬.৬ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি কৰিছে