আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আৰ্তজন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ’ব। ৩১ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দেশ-বিদেশৰ ৰাজনীতি-সমাজনীতি, ক্রীড়া, সংস্কৃতি, সাহিত্য জগতৰ উল্লেখযোগ্য ঘটনাৱলীৰ বছৰজোৰা আলোকপাতৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ’ত সাংবাদিক, চলচ্চিত্ৰ সমালোচক আৰু ৰাজনৈতিক পর্যবেক্ষক উপস্থিত থাকি বছৰটোৰ উল্লেখযোগ্য ঘটনাৱলীৰ পৰ্যালোচনা আগবঢ়াব।
Assamese | December 25, 2024 12:40 PM | Aakashbani Guwahati Regional News
২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা