December 25, 2025 11:41 AM

views 42

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰলৈ ২০২৫ বৰ্ষৰ শ্রোতা প্ৰেৰণা বঁটা

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্রোতা সংঘ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্রোতা প্ৰেৰণা বঁটা ২০২৫ আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্ববী ৰাজীৱ লোচন বৰঠাকুৰক প্ৰদান কৰা হ'ব। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্রীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে। ২০১০ চনৰ ২৫ ডিচেম্বৰত জিলাখনৰ মুদৈবিলত প্রতিষ্ঠা লাভ কৰা এই সংঘই মূলতঃ ৰেডিঅ' প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। সংঘই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰ...

January 15, 2025 6:55 PM

views 36

প্ৰতিদিনে পুৱা ৭-৫৫ মিনিট আৰু সন্ধিয়া ৬ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰিক উজনিৰ বাতৰি বুলি নামকৰণ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰতিদিনে পুৱা ৭ বাজি ৫৫ মিনিট আৰু সন্ধিয়া ৬ বজাত প্ৰচাৰ কৰি অহা বাতৰিক উজনিৰ বাতৰি বুলি নামকৰণ কৰাৰ বাবে কিছুসংখ্যক শ্রোতাই আপত্তি দৰ্শোৱা বাতৰি বিভাগৰ দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত বাতৰি বিভাগে স্পষ্ট কৰিব বিচাৰে যে, ৰাজ্যখনক উজনি আৰু নামনি নামেৰে বিভাজন কৰাৰ কোনো উদ্দেশ্য বাতৰি বিভাগৰ নাই। আকাশবাণীৰ সঞ্চালকালয়ৰ নিৰ্দেশমর্মে পূর্বে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰিৰ বুলেটিন বর্তমান গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হৈছে। সেয়েহে এই বাতৰিক উজনিৰ বাতৰিৰূপ...

December 25, 2024 12:40 PM

views 31

২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আৰ্তজন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। ৩১ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দেশ-বিদেশৰ ৰাজনীতি-সমাজনীতি, ক্রীড়া, সংস্কৃতি, সাহিত্য জগতৰ উল্লেখযোগ্য ঘটনাৱলীৰ বছৰজোৰা আলোকপাতৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত স...

December 15, 2024 12:15 PM

views 36

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত অধিক স্থানীয় বাতৰি প্ৰচাৰ কৰা উচিত বুলি বিভিন্ন শ্রোতাৰ মত প্রকাশ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত অধিক স্থানীয় বাতৰি প্ৰচাৰ কৰা উচিত বুলি বিভিন্ন শ্রোতাই মত প্রকাশ কৰিছে। যোৱা নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও শ্রোতাই এই মত প্ৰকাশ কৰি কয়, যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি প্ৰচাৰৰ বাবে যিহেতু ৩ খন বাতৰি বুলেটিন আছে সেই হেতুকে আঞ্চলিক বাতৰি বুলেটিনসমূহত স্থানীয় বাতৰিয়ে প্রাধান্য পালেহে জনসাধাৰণ জড়িত বাতৰি প্রকাশিত হ'ব। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰিত হোৱা উচ্চাৰণগত ভুল আঙুলিয়াই দিয়ে। অনুষ্ঠানত আকাশবাণীৰ...