আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত অধিক স্থানীয় বাতৰি প্ৰচাৰ কৰা উচিত বুলি বিভিন্ন শ্রোতাই মত প্রকাশ কৰিছে। যোৱা নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও শ্রোতাই এই মত প্ৰকাশ কৰি কয়, যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি প্ৰচাৰৰ বাবে যিহেতু ৩ খন বাতৰি বুলেটিন আছে সেই হেতুকে আঞ্চলিক বাতৰি বুলেটিনসমূহত স্থানীয় বাতৰিয়ে প্রাধান্য পালেহে জনসাধাৰণ জড়িত বাতৰি প্রকাশিত হ’ব। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰিত হোৱা উচ্চাৰণগত ভুল আঙুলিয়াই দিয়ে। অনুষ্ঠানত আকাশবাণীৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত বিষয়া, জ্যেষ্ঠ নাগৰিক আৰু নিয়মীয়া শ্ৰোতাই বাতৰিৰ মান উন্নত কৰাৰ বাবেও পৰামৰ্শ দিয়ে। তদুপৰি শ্ৰোতাসকলে টেলিফোনযোগে নিজৰ অভিমত আগবঢ়ায়।
Assamese | December 15, 2024 12:15 PM | Aakashbani Guwahati Regional News
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত অধিক স্থানীয় বাতৰি প্ৰচাৰ কৰা উচিত বুলি বিভিন্ন শ্রোতাৰ মত প্রকাশ