সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই য়েমনৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত দেশখনে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি প্রকাশ কৰিছে। ৰাষ্ট্ৰখনত অব্যাহত থকা সংঘাতপূর্ণ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি য়েমেনৰ জনসাধাৰণক সংযম বৰ্তাই ৰাখিবলৈ আৰু দেশখনৰ নিৰাপত্তা আৰু স্থিৰতা ৰক্ষাক অগ্রাধিকাৰ দিবলৈ আহ্বান জনাইছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই এটা বিবৃতি যোগে য়েমেনৰ জনসাধৰণক সংঘাতৰ বিপৰীতে আলোচনাক অগ্রাধিকাৰ দিবলৈ আৰু বুজাবুজি তথা সহমতৰ ভিত্তিত মতানৈক্য দূৰ কৰি স্থায়ী ৰাজনৈতিক সমাধানত উপনীত হবলৈ আহ্বান জনায়। বিবৃতিটোত কোৱা হৈছে যে এই প্রচেষ্টাসমূহত স্থিৰতা আৰু সমৃদ্ধিক মূল লক্ষ্য হিচাপে লৈ দেশখনৰ স্বাৰ্থ তথা জনসাধাৰণক অগ্রাধিকাৰ দিয়া এটা যুক্তিসংগত তথা দায়িত্বশীল দৃষ্টিভংগীক অগ্রাধিকাৰ দিয়া উচিত।
Assamese | January 4, 2026 8:09 PM | Yemen-UAE
য়েমেনৰ জনসাধাৰণক সংযম বৰ্তাই ৰাখিবলৈ আৰু দেশখনৰ নিৰাপত্তা আৰু স্থিৰতা ৰক্ষাক অগ্রাধিকাৰ দিবলৈ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ আহ্বান