হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রীদামোদৰ দেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজন কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে, যোৱা ৯ আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। ২০২২ চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্রহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক তিৰংগা পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন

হিচাপে উদযাপনৰ বাবে অনুপ্রাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে।

মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই আজি নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযানত অংশগ্ৰহণ কৰে।

সমাগত স্বাধীনতা দিবস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত শুক্ৰেশ্বৰ মণ্ডলৰ উদ্যোগত আজি বিৰুবাৰীৰ পৰা তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক বিজয় গুপ্তা আৰু পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই মুকলি কৰা এই কাৰ্যসূচীত মণ্ডলৰ বিষয়ববীয়া, সদস্যৰ লগতে ভালেসংখ্যক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে।

ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলেও আজি তিৰংগা যাত্রা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত মন্ত্রী বিমল বৰা আৰু বিধায়ক চক্ৰধৰ গগৈয়েও অংশ লয়।

ইফালে আজি যোৰহাট জিলা প্রশাসন আৰু বিভিন্ন বিভাগৰ উদ্যোগত জিলাখনৰ চহৰ তথা গ্ৰাম্যাঞ্চলত হৰ ঘৰ তিৰংগা ২০২৬ অভিযানৰ অংশস্বৰূপে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় চেতনা, গৌৰৱ আৰু দেশপ্ৰেমৰ ভাৱধাৰা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে জিলাখনৰ বিভিন্ন প্রান্তত ভালেমান কার্যসূচী গ্ৰহণ কৰা হৈছে।

মাজুলী জিলাতো আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী অনুষ্ঠিত হয়।

শিৱসাগৰ জিলাতো অনুষ্ঠিত হৰ ঘৰ তিৰংগা অভিযানত জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে জিলা আয়ুক্ত মৃদুল যাদবে জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।

বাক্সা জিলাৰ বৰমাত ৮০ সংখ্যক সমাগত স্বাধীনতা দিবস উপলক্ষে আজি জিলা বিজেপি মণ্ডলৰ তিৰংগা যাত্রা কার্যসূচী সম্পন্ন হয়। এই যাত্ৰাত বিজেপি মণ্ডলৰ বাক্সা জিলাৰ সভাপতি ৰিদীপ ডেকাই অংশগ্ৰহণ কৰে।

দক্ষিণ শালমৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীতো আজি তিৰংগা সমদল উলিওৱা হয়। জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই সমদলত বিজেপিৰ নেতা-কর্মীসকলে দেশপ্রেমমূলক শ্লোগানেৰে চৌদিশ মুখৰ কৰে। কাৰ্যসূচীত দক্ষিণ শালমৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা, জিলা প্ৰভাৰীৰ লগতে বহু নেতা-কর্মী উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।