August 13, 2026 8:19 PM

views 18

হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রীদামোদৰ দেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজন কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে, যোৱা ৯ আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। ২০২২ চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্রহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভ...