গাজা স্ট্রিপত পেলেষ্টাইনী সশস্ত্র গোট হামাছে আজি মুকলি কৰি দিবলগীয়া তিনিজন পণবন্দীৰ নাম ইজৰাইলে ঘোষণা কৰিছে। যোৱা মাহত স্বাক্ষৰ হোৱা যুদ্ধ বিৰতিৰ চুক্তিৰ অধীনত ষষ্ঠবাৰৰ বাবে পণবন্দীকেইজনক মুকলি কৰি দিয়া হ’ব। ইজৰাইলক কাটাৰী আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীৰ জৰিয়তে পণবন্দী লোককেইজনৰ তথ্য দিয়া হয় হামাছৰ কয়দী সংবাদ বিষয়াই প্ৰকাশ কৰা অনুসৰি এই তিনিজন পণবন্দীৰ বিপৰীতে ইজৰাইলে ৩৬৯ গৰাকী পেলেষ্টানী কয়দী মুকলি কৰি দিব বুলি আশা কৰা হৈছে ।
Assamese | February 15, 2025 6:22 PM | hamas israel
হামাছে মুকলি কৰি দিবলগীয়া ৩ পণবন্দীৰ নাম ইজৰাইলৰ ঘোষণা