মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ ২৩ হাজাৰ ৭৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। ড° শৰ্মাই সৰুপথাৰত ১২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা লাভলীনা বৰগোহাঁই ক্রীড়া প্ৰকল্প উদ্বোধনৰ লগতে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, বৰপথাৰ শিশু উদ্যান আৰু গেলাবিল আৰু দুৰণি পথ উদ্বোধন কৰে। তেওঁ লগতে অসমমালাৰ অধীনত ২৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া বৰপথাৰ-গোলাঘাট সংযোগী পথৰ প্ৰথম পৰ্যায় আৰু মিছামাৰী-বিলপথাৰ তথা অভংপথাৰ-শ্যামগাঁও মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। আজি দিনৰ ১ বজাত লাভলীনা বৰগোহাঁই ক্রীড়া প্ৰকল্পত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে।
Assamese | January 6, 2026 7:45 AM | Akashvani | Akashvani Guwahati | Chief Minister Dr Himanta Biswa Sarma | CMO Assam | Sarupathar | Tinisukia
সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ