প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক সমাগত স্বাধীনতা দিৱস উপলক্ষে ভাৰতক এখন বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প গ্রহণ কৰি এই উৎসৱ আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমযোগে প্ৰচাৰিত এটা ভিডিঅ’ত প্রধানমন্ত্রীয়ে প্ৰতিজন নাগৰিককে ঐক্যবদ্ধ হৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সেনানীসকললৈ শ্রদ্ধার্ঘ্য অর্পণ কৰিবলৈও আহ্বান জনায়। তেওঁ লগতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে দেশৰ প্ৰতিখন ঘৰতে স্বাধীনতা দিৱসৰ দিনা ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈও অনুৰোধ জনায়।
Assamese | August 11, 2026 8:26 PM | PM on I Day
স্বাধীনতা দিৱসক আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বান