স্নাতক আৰু স্নাতকোত্তৰ বিষয় শিক্ষক পদৰ বাবে অহা ২৯ ডিচেম্বৰত টেট তথা নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আজি এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আবেদনকাৰীসকলে ১৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা প্ৰৱেশ পত্ৰ ডাউনল’ড কৰিব পাৰিব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ দিনা প্ৰৱেশ পত্ৰৰ লগতে আধাৰ কাৰ্ড, পান কার্ড, গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো ফটোযুক্ত পৰিচয় পত্ৰ দেখুৱাব লাগিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৮,২৩০টা স্নাতক আৰু ১,৪৮৭টা স্নাতকোত্তৰ শিক্ষক পদৰ বাবে পূর্বতে বিজ্ঞাপন প্ৰকাশ কৰিছিল৷
Assamese | December 5, 2024 8:53 PM | Assam Education Dept | Education | TET
স্নাতক আৰু স্নাতকোত্তৰ বিষয় শিক্ষক পদৰ বাবে অহা ২৯ ডিচেম্বৰত নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব