মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰত থকা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ-অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে ১৫০ বিঘা মাটিত নির্মিত বিজ্ঞান নগৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ ইতিমধ্যে সম্পন্ন হৈছে।
পাঁচ মাহ পূর্বে প্রথম পৰ্যায়ত নিৰ্মাণ সম্পূৰ্ণ হোৱা ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। অহা বছৰৰ মার্চ মাহলৈ নির্মাণ সম্পূৰ্ণ হ’বলগীয়া পৰৱৰ্তী পৰ্যায়ৰ সম্প্ৰসাৰণে বিজ্ঞান চর্চাক আকর্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতাভিত্তিক কৰি তুলিব বুলি ড০ শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে।
ড০ শৰ্মাই সোণাপুৰত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰতো উপস্থিত হৈ সমাধি ক্ষেত্ৰৰ পৰিচালনা আৰু নিৰ্মাণ সন্দৰ্ভত দিহা-পৰামৰ্শ প্ৰদান কৰে।