সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত আজি সেৱা সেতু অভিযানৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। আজি পুৱাৰে পৰা শিবিৰত সেৱাৰ ব্যৱস্থা আৰম্ভ হয়।
সেৱা সংকল্প অভিযানৰ অধীনত ডিব্ৰুগড় জিলাত আজি খণ্ড আৰু পৌৰসভা পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহ আৰম্ভ হৈছে। চৰকাৰী সেৱা আৰু আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত ৰাইজৰ উৎসাহজনক সঁহাৰি দেখিবলৈ পোৱা যায়। নাহৰকটীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত খণ্ড পৰ্যায়ৰ শিবিৰটো স্থানীয় বিধায়ক তৰংগ গগৈয়ে উদ্বোধন কৰে। শিবিৰটোত প্ৰায় ৩০০ৰো অধিক লোকে স্বাস্থ্য গ্ৰহণ কৰে।
একেদৰে নাহৰকটীয়া, নামৰূপ আৰু চাবুৱা পৌৰসভাতো স্বাস্থ্য শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰসমূহত ৰাইজে মেডিচিন, নাক-কাণ-ডিঙি, চকু, স্ত্ৰীৰোগ, দাঁত, হাড়ৰ ৰোগ, মানসিক ৰোগ আৰু শল্য চিকিৎসা বিশেষজ্ঞৰ লগতে আয়ুষ চিকিৎসকৰ পৰামৰ্শৰ সুবিধা লাভ কৰে। সেৱা সংকল্প অভিযানৰ অধীনত অনাগত দিনসমূহতো জিলাখনৰ বিভিন্ন প্ৰান্তত শিবিৰসমূহ অনুষ্ঠিত হ’ব।