সাদিনীয়া ব’হাগ বিহুৰ আজি গোসাঁই বিহু। ৰঙালী বিহুৰ তৃতীয় দিনা অসমবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণে ভিৰ কৰিছে। বিভিন্ন সত্ৰ-নামঘৰত আজি নাম-প্ৰসংগ, মন্দিৰসমূহত পূজা-অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছে। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ ল’ব।
Assamese | April 16, 2025 12:09 PM | Rongali bihu | Sarbanada sonowal
সাদিনীয়া ব’হাগ বিহুৰ আজি গোসাঁই বিহু পালন