September 23, 2026 7:28 PM | Gunotsav

printer

সমগ্র শিক্ষা অসমৰ সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিন সলনি

সমগ্র শিক্ষা অসমে সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিনৰ সাল সলনি ঘটাইছে। সমগ্র শিক্ষাই নতুনকৈ জাৰি কৰা নিৰ্দেশ অনুসৰি ২০২৭ চনৰ ১৯ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ ৩ টা পর্যায়ত ৩৫ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব। পূর্বে ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ গুণোৎসৱৰ দিন ধার্য কৰা হৈছিল। বর্তমান সংশোধিত সময়সূচী অনুসৰি ১৯ ৰ পৰা ২২ জানুৱাৰীলৈ প্ৰথম পর্যায়ত ১১ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ উপৰি ২৫ আৰু ২৮ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ ১৩ খন জিলাত দ্বিতীয় পর্যায়ত আৰু ২ ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ১১ খন জিলাত তৃতীয় পর্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব।