বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, দিল্লী আদিৰ লগতে সমগ্র দেশতে ধর্মীয় উৎসাহ-উদ্দীপনাৰে ষট্ পূজা পালন কৰা হৈছে। চাৰি দিনীয়া এই পূজাৰ আজি দ্বিতীয় দিনা ভক্তসকলে পৰম্পৰাগত খৰণা পৰ্ব পালন কৰিব। আজি ভক্তসকলে গোটেই দিন উপবাসে থাকি সন্ধিয়া পূজা-অর্চনাৰ পাছত প্রসাদ গ্রহণ কৰি ব্ৰত ভংগ কৰিব। ইয়াৰ পাছতে নির্জলা ব্ৰত আৰম্ভ হ’ব। তৃতীয় দিনা বিয়লি ভক্তসকল নৈ, পুখুৰী আৰু অন্য ঘাটত সমবেত হৈ যঠী মাইয়াক পূজা অর্চনা কৰাৰ লগতে অস্তমিত সূৰ্যলৈ অৰ্ঘ্য অর্পণ কৰিব। সোমবাৰে উদিত সূৰ্যলৈ অৰ্ঘ্য প্রদানেৰে এই উৎসৱৰ সামৰণি পৰিব।
উল্লেখযোগ্য যে নহায় খায় পৰ্বৰে কালিৰে পৰা চাৰিদিনীয়া ষট পূঁজা আৰম্ভ হৈছে। সূর্য দেৱতা আৰু যঠী মাইয়াৰ নামত উৎসর্গিত এই উৎসৱ প্ৰকৃতি আৰু পৰিষ্কাৰ-পৰিজ্ঞাতাৰ আৰাধনাৰ প্ৰতীক। পূজাৰ সময়ছোৱাত ভক্তসকলে পবিত্ৰতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰাখি ব্রত পালন কৰে আৰু পূজা অর্চনা কৰে।