গুৱাহাটীত যোৱা ৩০ আগষ্টৰ পৰা ১ ছেপ্তেম্বৰলৈ অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলে দর্শনীয় প্রদর্শন আগবঢ়ায়। ল’ৰা আৰু ছোৱালীৰ শাখাত অভিৰূপ শইকীয়া আৰু চাৰবী চৌধুৰীয়ে বিজয়ীৰ সন্মান লাভ কৰে। ইপিনে, জুনিয়ৰ ল’ৰাৰ শাখাত প্ৰাণ গোবিন্দ পৰাশৰ কাশ্যপে দ্বিতীয়, জগজিৎ সিন্হাই তৃতীয় আৰু নিহাদ ইছলাম হাজৰিকাই চতুৰ্থ স্থান দখল কৰে। ছোৱালীৰ জুনিয়ৰ শাখাত আফচিন আফচা জামান আৰু হৃদিকা দাসে ক্ৰমে আৰু দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। দৰং মহাবিদ্যালয়ত ২৮ৰ পৰা ৩০ জুলাইলৈ অনুষ্ঠিত ৭ বছৰ, ১১ আৰু ১৫ বছৰ অনুৰ্ধৰ শাখাৰ আন্তঃ জিলা দবা প্রতিযোগিতা, ১৬ৰ পৰা ২০ জুলাইলৈ নগাঁৱত অনুষ্ঠিত সদৌ অসম আন্তঃ জিলা দবা প্ৰতিযোগিতা আৰু যোৱা ১ৰ পৰা ৩ জুনলৈ ডিগবৈত অনুষ্ঠিত সদৌ অসম আন্তঃ জিলা মহিলা চেম্পিয়নশ্বিপত অনবদ্য প্ৰদৰ্শনৰ বাবে বিজয়ী খেলুৱৈসকলক সমাগত ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত কৰা হৈছে।
Assamese | September 3, 2024 5:46 PM | AIR GUWAHATI | Akashvani | Chess Player
সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলৰ দর্শনীয় প্রদর্শন