বাসৱ জয়ন্তী উপলক্ষে সংসদ ভৱন চৌহদত আজি আয়োজিত এটা অনুষ্ঠানত কেইবাগৰাকীও নেতাই গুৰু বাসৱেশ্বৰৰ প্ৰতি পুষ্পার্ঘ্য নিবেদন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ, কিৰেণ ৰিজিজু প্ৰহ্লাদ যোশী আৰু শোভা কৰণ্ডলাজে আৰু বিজেপিৰ সাংসদ তেজস্বী সূর্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে বাসৱ জয়ন্তীৰ সৈতে সংগতি ৰাখি সংসদ ভৱন চৌহদৰ প্ৰেৰ্ণাস্থলত গুৰু বাসৱেশ্বৰৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। গুৰু বাসৱেশ্বৰ অনুগামীসকলক শুভকামনা জনাই মন্ত্ৰীগৰাকীয়ে গুৰুগৰাকীৰ মূৰ্তি দৰ্শন কৰাৰ উদ্দেশ্যে দেশৰ ভিন ভিন স্থানৰ পৰা বহু লোকৰ আগমন ঘটাত সন্তুষ্টি ব্যক্ত কৰে ।
Assamese | April 30, 2025 7:35 PM | Basava Jayanthi
সংসদ ভৱনৰ চৌহদত গুৰু বাসৱেশ্বৰৰ প্ৰতি পুষ্পার্ঘ্য নিবেদন