প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সাংসদসকলৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে বৈঠকত দুয়োখন ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে এই দুৰ্যোগৰ সময়ত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সকলো সহায়-সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যদুখনৰ জনসাধাৰণৰ কল্যাণ আৰু সুৰক্ষা বাবে প্ৰাৰ্থনা জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে বৈঠকত প্ৰধানমন্ত্ৰীয়ে ৰাজ্য দুখনলৈ সম্পূর্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়াৰ লগতে বান প্রভাৱিত লোকসকলে যাতে সময়মতে সকলো ধৰণৰ সাহায্য লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে।
Assamese | July 30, 2026 8:42 PM | PM Modi
সংসদ ভৱনত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সাংসদসকলৰ সৈতে প্রধানমন্ত্ৰীৰ আলোচনা