কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিয়ে ২০২২ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে শ্ৰীৰাম আই এছ নামৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক ৩ লাখ টকাৰ জৰিমণা বিহিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে, উপভোক্তা অধিকাৰৰ সুৰক্ষা আৰু প্ৰসাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তই সামগ্ৰী আৰু সেৱা সম্পৰ্কে ভূৱা তথা বিভ্ৰান্তিকৰ বিজ্ঞাপন বন্ধ কৰাত সহায় কৰিব। ২০১৯ চনৰ উপভোক্তা সুৰক্ষা আইনৰ উলংঘন সন্দৰ্ভত চি চি পি এৰ মুখ্য আয়ুক্ত নিধি খড়ে আৰু আয়ুক্ত অনুপম মিশ্ৰাই কয় যে, শ্ৰীৰাম আই এছ নামৰ প্রতিষ্ঠানটোক বিভ্ৰান্তিকৰ বিজ্ঞাপন ততালিকে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। শ্ৰীৰাম আই এছ প্ৰতিষ্ঠানটোৰ ১৭১ গৰাকী প্ৰাৰ্থীয়ে বাচনি লাভ কৰাৰ পাছতো ২০০ তকৈ অধিক প্ৰাৰ্থীয়ে বাচনি লাভ কৰা বুলি দাবী কৰিছিল । মন্ত্রালয়ে কৈছে যে এনে ধৰণৰ ভূৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপনে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰ্থীসকলৰ ওপৰত ব্যাপক প্রভাৱ পেলায়। মন্ত্ৰ্যালয়ে কৈছে যে, প্রতিষ্ঠানটোৰ বিজ্ঞাপনে উপভোক্তাৰ অধিকাৰ খৰ্ব কৰিছে।
Assamese | August 18, 2024 6:42 PM | CCPA Imposes Rs 3 Lakh Fine on Sriram’s IAS for Misleading Claims
শ্ৰীৰাম আই এছ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশৰ বাবে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিৰ জৰিমণা