শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কাইলৈ নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম পোৰ্টেল মুকলি কৰিব। এই মঞ্চৰ জৰিয়তে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজে লাভ কৰিব। এই পদক্ষেপৰ প্ৰাথমিক লক্ষ্য হৈছে – একক মঞ্চৰ জৰিয়তে সক্রিয়ভাৱে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ বাবে থকা সকলো সামাজিক সুৰক্ষা তথা কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীৰ বিষয়ে তথ্য যুগুত কৰা। এই পদক্ষেপে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলক তেওঁলোকৰ বাবে থকা আঁচনিসমূহ সন্দৰ্ভত সজাগ কৰি তুলিব ।
Assamese | October 20, 2024 8:13 PM | e-Shram Portal
শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই সোমবাৰে নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম পোৰ্টেল মুকলি কৰিব