শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে বিভিন্ন সংস্থাত কাম কৰা শ্ৰমিকসকলক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ উপকাৰ লাভ কৰাৰ বাবে ই-শ্রম প’ৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ ৩১ হাজাৰৰো অধিক তালিকাভুক্ত ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰতিটো পৰিয়ালক বছৰি ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰা হ’ব । দেশৰ অৰ্থব্যৱস্থাৰ অস্থায়ী-স্বনিয়োজিত শ্ৰমিক আৰু অনলাইন মঞ্চৰ হৈ কাম কৰা ব্যক্তিসকলৰ অৱদানৰ কথা স্বীকাৰ কৰি ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এই ব্যক্তিসকলৰ বাবে ই-শ্রম প’ৰ্টেলত নাম পঞ্জীয়ন, পৰিচয় পত্র জাৰি কৰা আৰু স্বাস্থ্য সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বাজেটত কৰা এই ঘোষণা সমূহ ৰূপায়ণ কৰাৰ উদ্দেশ্যে শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয় শীঘ্ৰে এখন আঁচনি আৰম্ভ কৰিব।
Assamese | March 9, 2025 11:29 AM | e-Shram Portal
শ্ৰমিকসকলক ই-শ্রম প’ৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ আহ্বান