শ্রীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি জিলাৰ কৃষকসকলৰ বাবে সাৰ বিক্ৰী আৰু বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, সহজ আৰু প্ৰযুক্তি নিৰ্ভৰ কৰি তুলিবলৈ এটা ম’বাইল এপ্লিকেচন মুকলি কৰা হয়। জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিবেদীয়ে এই এপটো মুকলি কৰাৰ ফলত জিলাৰ কৃষকসকল উপকৃত হ’ব বুলি প্রকাশ কৰে।
ইয়াৰ ফলত কৃষকসকলৰ সাৰ সম্পৰ্কীয় সেৱা অধিক দ্রুত আৰু ফলপ্রসূভাৱে আগবঢ়াই নিয়াত সহায়ক হ’ব বুলি তেওঁ উল্লেখ কৰে। জিলাখনৰ পঞ্জীয়নভুক্ত কৃষকসকলে তেওঁলোকৰ প্ৰয়োজনীয় সাৰ এই এপটোৰ জৰিয়তে অনুমোদিত সাৰ বিক্ৰী কেন্দ্ৰৰ পৰা সহজে ক্ৰয় কৰিব পাৰিব।