শিৱসাগৰত বানৰ পাছৰ পুনৰসংস্থাপন, অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত পর্যালোচনা বৈঠক

কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ পাছৰ পুনৰসংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বানপীড়িত পৰিয়ালসমূহক আগবঢ়োৱা পুনৰ সংস্থাপনমূলক সহায়ৰ অগ্রগতি পৰ্যালোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু চক্র বিষয়াসকলৰ সৈতে চৰকাৰৰ পুনৰসংস্থাপনমূলক পদক্ষেপসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। শিৱসাগৰ চহৰৰ পৰা বানপানী নিষ্কাষণৰ অগ্রগতি, ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰু বানৰ পাছৰ ব্যৱস্থাসমূহ সন্দৰ্ভত বৈঠকত পর্যালোচনা কৰা হয়। জিলা আয়ুক্তই জনোৱা মতে শিৱসাগৰ জিলাৰ প্ৰায় ৪৩ হাজাৰ বানপীড়িত পৰিয়ালে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ১৫ হাজাৰ টকাৰ অন্তবর্তীকালীন আর্থিক সাহায্য লাভ কৰিছে। মন্ত্রী হাজৰিকাই জিলা প্ৰশাসনক সকলো বানপীড়িত পৰিয়ালে সময়মতে সাহায্য লাভ কৰাটো নিশ্চিত কৰিবলৈ জিলা প্রশাসনক নির্দেশ দিয়ে। জিলাখনত পুনৰসংস্থাপনমূলক সকলো কাম দ্রুতগতিত সম্পন্ন কৰিবলৈ আৰু বিভাগসমূহৰ মাজত সুসমন্বয় ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা কাৰ্যসূচীসমূহ ফলপ্রসূভাৱে ৰূপায়ণত গুৰুত্ব প্রদান কৰে। এই বৈঠকত মন্ত্রী বিমল বৰা, সুশান্ত বৰগোঁহাই আৰু নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোঁহাইও উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।