শিলচৰৰ বামনগৰ বাইপাছত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে। ৰামনগৰৰ আই এছ বি টিৰ সমীপত মাটিভর্তি এখন ডাম্পাৰ আৰু যাত্রীবাহী অটোবিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা এই দুৰ্ঘটনাত আফছানা বেগম নামৰ এগৰাকী মহিলা আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰৰ থিতাতে মৃত্যু হয়। প্রত্যক্ষদর্শীয়ে জনোৱা মতে অটোরিক্সাখনৰ চালক আৰু আন তিনিজন যাত্ৰীৰ অৱস্থা গুৰুতৰ আৰু তেওঁলোকক উপযুক্ত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰা হৈছে। ডাম্পাৰখনৰ চালক বৰ্তমান পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে চালকজনক বিচাৰি অভিযান আৰম্ভ কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।
Assamese | April 3, 2025 8:19 PM | Accident | Akashvani Guwahati | Akashvani News | Local news | Silchar
শিলচৰৰ বামনগৰ বাইপাছত সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত, ৪ জন লোক গুৰুতৰভাৱে আহত