লোকসভাৰ কাৰ্যক্ৰমণিকা কালি অনির্দিষ্ট কাললৈ স্থগিত ৰখা হয়। নিম্ন সদনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতে অধ্যক্ষ ওম বিৰলাই এই কথা ঘোষণা কৰে। শ্ৰীবিৰলাই কয় যে অধিবেশনৰ সময়ছোৱাত ১০৩ শতাংশ কার্য সম্পন্ন হয়। তেওঁ কয় যে এই অধিবেশনত মুঠ ৫৩৯ গৰাকী সাংসদে শপত গ্ৰহণ কৰে। ২৪ জুনত আৰম্ভ হোৱা এই অধিবেশন আজি সমাপ্ত হোৱাৰ কথা আছিল।
Assamese | July 3, 2024 12:43 PM | Lok Sabha
লোকসভাৰ কাৰ্যক্ৰমণিকা কালি অনির্দিষ্ট কাললৈ স্থগিত