শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য, অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক-অধ্যাপিকাসকলৰ লগত মত বিনিময় কৰে।
মন্ত্ৰীগৰাকীয়ে ২১ শতিকাৰ প্রয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগ যোগ্যতা, উদ্যমিতা, উদ্ভাৱণ আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক-অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ লগত মত বিনিময় কৰে ।