যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যৰ উদ্যোগত চাহ বাগান কিশোৰী স্বাস্থ্য ক্লাব গঠন কৰা হয়। যোৰহাট জিলা আযুক্ত আৰু অতিৰিক্ত আয়ুক্তৰ নিৰ্দেশনাত চাহ বাগান অঞ্চলৰ কিশোৰীসকলকলৈ গঠন কৰা এই ক্লাবৰ জৰিয়তে কিশোৰীসকলক স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। চিনামৰা চিকিৎসালয়ত যোৰহাট জিলা স্বাস্থ্য বিভাগ আৰু জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ লগত সংগতি ৰাখি এখন স্বাস্থ্য সচেতন সমাজ গঢ়াৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানত চিনামৰা চিকিৎসালয়ৰ সামুহিক স্বাস্থ্য বিষয়া কাব্যশ্রী মহন্ত, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা সমন্বয়ক কর্মী দেবী আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে।
Assamese | June 30, 2026 1:08 PM | Tea Guardian Youth Club
যোৰহাটত চাহ বাগান কিশোৰী স্বাস্থ্য ক্লাব গঠন