মেৰা যুৱা ভাৰতৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আজি বন্দে মাতৰম শিবিৰ ২০২৬-২৭ উদ্বোধন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অসম, অৰুণাচল প্রদেশ, বিহাৰ, ছিক্কিম, মেঘালয়, নাগালেণ্ড আৰু পশ্চিম বংগৰ যুৱক-যুৱতীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ যুৱক-যুৱতীসকলক আত্ম নিৰ্ভৰশীল হ’বলৈ আহ্বান জনায়। ক্ৰীড়াৰ গুৰুত্বৰ কথা উল্লেখ কৰি শ্ৰী দৈমাৰীয়ে যুৱক-যুৱতীসকলক পদক জয়ৰ বাবে খেল খেলাৰ উপৰি সুস্বাস্থ্য আৰু সমাজক আগুৱাই নিয়াৰ বাবে খেলৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে ৷
উল্লেখযোগ্য যে, মেৰা যুৱা ভাৰত কামৰূপ মহানগৰৰ উদ্যোগত অহা ৩০ ছেপ্তেম্বৰলৈ হ’বলগীয়া সপ্তাহযোৰা বন্দে মাতম শিবিৰত কেইবাখনো ৰাজ্যৰ ডেৰ শতাধিক যুৱক-যুৱতীক একত্ৰিত কৰি পৰম্পৰাগত নৃত্য, সংগীত, দেশপ্রেমমূলক কার্যসূচী, সাংবিধানিক সজাগতা কার্যসূচী পালন কৰা হ’ব। আজিৰ অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক অংকুৰ ভঁৰালী, মেৰা যুৱা ভাৰত কামৰূপ মহানগৰৰ সঞ্চালক দীনবন্ধু সাহাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।