মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ পৰম্পৰাগত ছগ্ৰা উৎসৱ অহা ১৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ পালন কৰিব। উল্লেখযোগ্য যে সুদীর্ঘ ২৫ বছৰৰ পাছত এইবেলি মেঘালয়ৰ লুম্ফৈ গাঁৱত লুপ্ত পাবলৈ ধৰা বসন্ত উৎসৱ ছগ্ৰা পালন কৰা হ’ব। জাগীৰোডৰ গোভা দেওৰজা দীপ সিং দেওৰজাৰ অনুমতি লৈ এই উৎসৱ পালন কৰিবলৈ লোৱা হৈছে। ছগ্ৰা উৎসৱৰ পাছতেই ঝুম খেতি আৰম্ভ কৰাৰ পৰম্পৰা চলি আহিছে। বিভিন্ন কাৰণত এই উৎসৱ পালন কৰাৰ পৰা বিৰত আছিল যদিও এইবেলি মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীয় লোকসকলে পুনৰ এই পৰম্পৰা পালন কৰিবলৈ ওলাইছে।
Assamese | April 15, 2025 1:17 PM | Tiwa Tribe
মেঘালয়ৰ তিৱা জনগোষ্ঠীৰ লোকসকলে ১৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ ছগ্ৰা উৎসৱ পালন কৰিব