মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা মুম্বাইত অনুষ্ঠিত ফাইনেলত ডেলহী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি হৰমনপ্রীত কৌৰৰ ৬৬ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ডেলহী কেপিটেলছে ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৪১ ৰানহে কৰিবলৈ সমৰ্থ হয়। হৰমনপ্রীত কৌৰক প্লেয়াৰ অব দ্যা মেচ আৰু নেট ছিৱৰ ব্ৰণ্টক প্ৰতিযোগিতাৰ মোষ্ট ভেলুৱেবল প্লেয়াৰ হিচাপে ঘোষণা কৰা হয়।
Assamese | March 16, 2025 1:28 PM | WPL cricket
মুম্বাই ইণ্ডিয়ানছৰ মহিলা প্ৰীমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল