মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনিখন ডিব্ৰুগড় জিলাত ৰূপায়ণ সন্দৰ্ভত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে বাগিচাসমূহৰ কৰ্তৃপক্ষক নিজ নিজ চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্রমিক তথা কৰ্মচাৰীৰ তালিকা, আধাৰ কাৰ্ডৰ প্ৰতিলিপি আৰু বেংক একাউণ্টৰ সবিশেষ জিলা আয়ুক্তৰ কাৰ্যালয়ত শীঘ্ৰেই জমা দিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিকৰ লগতে কৰ্মচাৰীসকললৈ ৫ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছে।
Assamese | June 30, 2025 6:47 PM | Akashvani News | CM DC office Dibrugarh
মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনিখন ডিব্ৰুগড়ত ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত