মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ ৰূপনগৰত নির্মীয়মান অৱস্থাত থকা কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণকাৰ্যৰ খতিয়ান লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কার্যালয়টো চলিত বছৰৰ শেষৰ ফালে মুকলি কৰা হব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে, চলিত বছৰৰ শেষৰ পৰা ৰূপনগৰত নিৰ্মাণ কৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্রশাসনিক কাম-কাজ আৰম্ভ কৰিব পৰা যাব। বর্তমান হেঙেৰাবাৰীৰ কাৰ্যালয়টো দিশপুৰ উপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰূপে পৰিগণিত হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ খানাপাৰাত নৱ নিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টোও পৰিদর্শন কৰে। অহা বছৰৰ ১৫ আগষ্টৰ পূৰ্বে কাৰ্যালয়টোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০২২ চনৰ ১০ মে’ত চাৰি মহলীয়া আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টোৰ আধাৰশিলা স্থাপন কৰিছিল। ইপিনে, মুখ্যমন্ত্রীগৰাকীয়ে কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নির্মীয়মান এটা প্ৰেক্ষাগৃহৰ অগ্ৰগতিৰ বুজ লয়।
Assamese | June 17, 2024 12:37 PM | Assam CM
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ ৰূপনগৰত নির্মীয়মান কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম-কাজৰ পৰিদৰ্শন