মাজুলীৰ পদ্ধতিগত কলা, চিত্ৰ-ভাস্কৰ্যৰ শিক্ষানুষ্ঠান ৰূপবৰণ চিত্রকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কমলাবাৰীৰ মাজুলী মিলন সংঘত আয়োজিত সমাৰোহত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ আৰু চিত্ৰ প্ৰদৰ্শনী মেলাই পৰিবেশ জীপাল কৰি তোলে। অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি সদৌ অসম ভিত্তিত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি কেইবাগৰাকীও স্থানীয় শিল্পীক সম্বৰ্ধনা জনোৱা হয়। আজি সামৰণিৰ সন্ধিয়া মুকলি সভাৰ লগতে বর্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে।
Assamese | January 11, 2026 8:26 PM | Majuli
মাজুলীৰ ৰূপবৰণ চিত্রকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ