১৬৩৩ খৃষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই মাজুলীত সংৰক্ষণ কৰা অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাই চোঙৰ ৩৯২ বছৰীয়া ঐতিহ্য সুঁৱৰি চৰাইচোঙত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা তথা পক্ষী বিচৰণক্ষেত্ৰ হিচাপে পুনৰ উজ্জিৱীত কৰাৰ উদ্দেশ্যে আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে চৰাইচোং মহোৎসৱ ২০২৫ অনুষ্ঠিত হৈছে। মাজুলী সাহিত্যৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত এই মহোৎসৱ আজি পুৱা গছপুলি ৰোপন কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। অনুষ্ঠানত লেখক সাহিত্যিক সমাৰোহ, শ্ৰীধৰ বৰুৱা ওজা ৰাজ্যিক সাহিত্য বঁটা প্ৰদান, তৰুণ চন্দ্ৰ পামেগাম জন্ম শতবার্ষিকী পালন আদি কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। চৰাইচোং মহোৎসৱত ১০ খনকৈ গ্রন্থ প্রকাশ, দুখন প্রকৃতি বিষয়ক আলোচনাচক্র, বাণিজ্য মেলা, গ্রন্থমেলা, টুনী পর্যটন পৰিবেশন আদি কাৰ্যসূচীও হাতত লোৱা হৈছে।
Assamese | December 7, 2025 7:28 PM | Mazuli Soraisong Festival
মাজুলীত চৰাইচোং মহোৎসৱ ২০২৫