সত্ৰপীঠ মাজুলীৰ শ্ৰীশ্ৰী আদি বিহিমপুৰ সত্ৰৰ শংকৰ-মাধৱ মিলত ক্ষেত্ৰত কালিৰে পৰা ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত এহেজাৰ এগৰাকী শিল্পীয়ে বৰগীত পৰিৱেশন কৰে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আৰু মাজুলীবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত এই ভাওনা সমাৰোহত বিশিষ্ট কণ্ঠশিল্পী, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰে বৰগীতৰ কাৰ্যসূচী উদ্বোধন কৰে। অধ্যক্ষগৰাকীয়ে অসমীয়া জাতিৰ উত্তৰণত মহাপুৰুষ গুৰু দুজনাৰ সৃষ্টিৰাজিৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। অসম শিশু ভাওনা সমাৰোহত ৰাজ্যৰ বিভিন্ন জিলাৰ শিল্পী দলে ২০ খনকৈ ভাওনা প্রদর্শন কৰিব। সামৰণিৰ দিনা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অংকীয়া নাট প্রদর্শন কৰা হ’ব।
Assamese | December 15, 2025 1:45 PM
মাজুলীত কালিৰে পৰা ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ