মহিলা প্রিমিয়াৰ লীগ (ডব্লিউ পি এল) ক্ৰিকেটত যোৱা নিশা লক্ষ্ণৌৰ একনা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইউ পি ৱাৰিয়জে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ক ১২ ৰানত পৰাস্ত কৰে। এই পৰাজয়ৰ লগে লগে ডিফেণ্ডিং চেম্পিয়ন আৰ চি বি প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয়। বর্তমান আৰচিবিয়ে ৭খন খেলৰ পৰা ৪ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শেষত থকাৰ বিপৰীতে ইতিমধ্যে প্লে অফৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থকা ইউ পি ৱাৰিয়জে ৬ পইণ্টেৰে নিজৰ অভিযানৰ সামৰণি মাৰে। এই ফলাফলৰ পাছত গুজৰাট জায়েন্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ বাবেও প্লে অফৰ সম্ভাবনা নিশ্চিত কৰিছে ৷ দিল্লী কেপিটেলছ দলেও নকআউট পর্যায়ত উপনীত হৈছে। পৰৱৰ্তী খেলত মুম্বাই ইণ্ডিয়ানছে মুম্বাইত কাইলৈ গুজৰাট জয়েণ্টচৰ মুখামুখি হব।
Assamese | March 9, 2025 11:40 AM | WPL cricket
মহিলা প্রিমিয়াৰ লীগ ক্ৰিকেটত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক ১২ ৰানত পৰাস্ত কৰে ইউ পি ৱাৰিয়জে