বদোদাৰ বি চি এ ষ্টেডিয়ামত অনুষ্ঠিত মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট জায়েণ্টছক ৬১ ৰানত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ১৭৮ ৰান সংগ্ৰহ কৰে। দলৰ হৈ গৌতমী নায়কে সৰ্বাধিক ৭৩ ৰান কৰে। প্ৰত্যুত্তৰত গুজৰাট জায়েণ্টছে নিৰ্ধাৰিত অভাৰত ৮টা উইকেট হেৰুৱাই ১১৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ এছলে গার্ডনাৰে সৰ্বাধিক ৫৪ ৰান কৰে। গৌতমী নায়কক প্লেয়াৰ অব দা মেচ ঘোষণা কৰা হয়।
আজি দেলহী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ’ব। খেলখন বি চি এ ষ্টেডিয়ামত সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।
Assamese | January 20, 2026 11:37 AM | WPL cricket
মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়লাভ