মহিলাৰ টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে আৱতীৰ্ণ হ’ব। শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত শ্রীলংকাই পাকিস্তানক ৩ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কালিৰ খেলখনত ১৪১ ৰানৰ লক্ষ্যৰে খেলা শ্ৰীলংকাৰ দলটোৱে তিনিটা উইকেট আৰু এটা বল বাকী থকা অৱস্থাত জয় লাভ কৰিবলৈ সমৰ্থ হয়। ভাৰতে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।
Assamese | July 27, 2024 9:29 PM | Asia Cup Final
মহিলাৰ টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ কাইলৈৰ ফাইনেলত ভাৰত বনাম শ্ৰীলংকা