ৰাজ সাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ পহিলা অক্টোবৰৰ পৰা বায়’মেট্রিক আধাৰ প্ৰমাণিকৰণ বাধ্যতামূলক বুলি চৰকাৰে প্ৰকাশ কৰিছে। পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে এটা বিবৃতিত প্রকাশ কৰা মতে ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলে প্রযোজ্য ৰাজসাহায্যৰ সৈতে নিৰ্ধাৰিত খুচুৰা বিক্ৰী মূল্যত চিলিণ্ডাৰ বুকিঙৰ বাবে বায়’মেট্রিক আধাৰ প্ৰমাণিকৰণ সম্পন্ন কৰিব লাগিব। ইয়াৰ ফলত কেৱল প্ৰকৃত আৰু প্ৰাপ্য পৰিয়ালেহে যাতে ৰাজ সাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছ লাভ কৰে সেয়া সুনিশ্চিত হ’ব।
এই ব্যৱস্থাই নকল আৰু অযোগ্য ৰন্ধন গেছৰ সংযোগ নোহোৱা কৰিব। এই প্ৰক্ৰিয়াৰ জৰিয়তে কোনো প্রাপ্য পৰিয়ালক ৰন্ধন গেছৰ পৰা বঞ্চিত কৰিব বিচৰা হোৱা নাই বুলি মন্ত্ৰ্যালয়ে স্পষ্ট কৰি কয় যে প্রতিজন যোগ্য গ্রাহকে প্রমাণিকৰণ সম্পূৰ্ণ কৰাৰ বাবে বহু কেইটা সহজ উপায় আছে।
ইতিমধ্যে ২৭ কোটি ৪৩ লাখ গ্রাহকে প্রমাণিকৰণ সম্পূৰ্ণ কৰিছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। গ্রাহকসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ লোৱাৰ সময়ত অথবা বিতৰকৰ শ্ব ৰূমত বা তৈল বিপণন কোম্পানীৰ মোবাইল এপ’ৰ জৰিয়তে বায়’মেট্রিক প্রমাণিকৰণ সম্পূৰ্ণ কৰিব পাৰিব।