কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত উপস্থিত হ’ব। মন্ত্ৰী শ্ৰীশ্বাহে তাত গংগা, যমুনা আৰু সৰস্বতী নদীৰ ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰিব। তেওঁ তাত পুৰী আৰু দ্বাৰকাৰ শংকৰাচাৰ্য দুগৰাকীৰ লগতে বহু সাধু সন্তক লগ পোৱাৰ আশা কৰিছে।
Assamese | January 27, 2025 1:38 PM | Amit Shah | Home Minister
মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰয়াগৰাজত উপস্থিত হ’ব গৃহমন্ত্রী অমিত শ্বাহ