নিঃস্বাৰ্থ সেৱাই ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ মূল আধাৰ বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মন্তব্য কৰিছে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত একাদশ ‘সন্ত ঈশ্বৰ সন্মান-২০২৬’ প্রদান কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে দেশৰ মহান সন্ত আৰু চিন্তাবিদসকলে সৰু-বৰৰ প্ৰভেদ পাহৰি মানুহক আনৰ কল্যাণৰ বাবে আত্মনিয়োগ কৰিবলৈ সদায় প্ৰেৰণা যোগাই আহিছে। ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে বঁটাপ্ৰাপকসকলক অভিনন্দন জনাই শ্ৰীৰাধাকৃষ্ণনে কয় যে এই সন্মানে নিস্বাৰ্থ সেৱাৰ মনোভাৱক স্বীকৃতি দিয়াৰ লগতে ভাৰতীয় সংস্কৃতি আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে প্ৰতিগৰাকী নাগৰিক দেশৰ বিকাশৰ সমান অংশীদাৰ। ‘স্বচ্ছ ভাৰত অভিযান’ৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে জনসাধাৰণৰ অংশগ্রহণে কেনেকৈ এটা চৰকাৰী কাৰ্যসূচীক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিব পাৰে, তাৰেই প্ৰমাণ এই অভিযানে ডাঙি ধৰিছে। প্ৰসংগক্ৰমে উপৰাষ্ট্ৰপতিগৰাকীয়ে উন্নয়নৰ প্ৰক্ৰিয়াত মানৱীয় প্ৰমূল্য, নৈতিকতা আৰু সামাজিক দায়িত্ববোধ অক্ষুণ্ণ ৰাখিবলৈকো আহ্বান জনায়।