মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰনচিনা গাঁৱৰ পাহাৰীয়া অঞ্চলত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰাজ্যিক বাহিনীয়ে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰে। নৰনচিনা গাঁৱত থকা চি আৰ পি এফৰ চকীত পৰহি নিশা হোৱা আক্ৰমণৰ ঘটনাত এজন উপ-পৰিদৰ্শক আৰু কনিষ্টবলৰ মৃত্যু হোৱাৰ পাছত কালি এই অভিযান চলোৱা হয়। এই অভিযানত ৪টা ৰাইফল, দুটা চীনত নির্মিত হেণ্ড গ্রেনেড, ১৪৫ জাঁই গুলী-বাদকে ধৰি বিভিন্ন আপত্তিজনক সামগ্রী জব্দ কৰা হয়। এই অভিযানত অপৰাধী চক্ৰৰ তিনিটা বাংকাৰো ধ্বংস কৰা হয়। ইপিনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সুৰক্ষা বাহিনীৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে। ৰাজ্যখনৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙেও এই ঘটনাক গৰিহণা দিছে।
Assamese | April 28, 2024 12:42 PM | Manipur
মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ পাহাৰীয়া অঞ্চলত নিৰাপত্তা বাহিনীৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ