মণিপুৰত নিৰাপত্তাৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ অস্ত্র-শস্ত্র জব্দ

মণিপুৰত বিগত ২৪ ঘণ্টাত নিৰাপত্তাৰক্ষী আৰু মণিপুৰ আৰক্ষীয়ে চলোৱা পৃথক অভিযানত বুজন পৰিমাণৰ অস্ত্র-শস্ত্র, নিচাযুক্ত সামগ্ৰী আৰু কেইবাগৰাকীও উগ্রপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিচাযুক্ত সামগ্ৰী বৰবৰাহ কৰাৰ অভিযোগতো কেইবাজনো লোকক আৰু কেইবাজনো লোকক গ্রেপ্তাৰ কৰা হয়। এই অভিযানত মণিপুৰৰ থৌবাল জিলাত ড্ৰাগছ সৰবৰাহৰ অভিযোগত চৈয়দ অনিশ শ্বাহ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। অভিযানৰ সময়ত অভিযুক্ত লোকজনৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী আৰু ১৬ লাখ ৪৩ হাজাৰ টকা নগদ ধন উদ্ধাৰ কৰা হয়। পশ্চিম ইমম্ফল জিলাৰ লোকটক হৃদৰ সমীপৰ ইশোকা মামাং লেইকাই অঞ্চলৰ পৰা কেইবাটাও ৰাইফল ৩৩১ টা কার্টিজ, মৰ্টাৰ ছেলৰ লগতে অস্ত্র-শস্ত্ৰৰ উদ্ধাৰ কৰে। ইফালে পূব ইম্ফল জিলাত অভিযান চলাই নাগাথেম ভীমজিৎ সিং নামৰ এজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ খুৰাই অঞ্চলৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা পিষ্টন আৰু দুটা মেগজিনৰ লগতে ১১ টা কার্টিজ উদ্ধাৰ কৰে। থৌবাল জিলাত অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে আচেম সোমাণ্ডা সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। উখৰুল জিলাত অভিযান চলাই চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা বন্দুক আৰু বিস্ফোৰক সামগ্রী জব্দ কৰে।