আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেমক্রেটসকলৰ লগতে দেশ-বিদেশৰ ভালেমান সংবাদ প্রতিষ্ঠানে আমেৰিকাই সামৰিক অভিযান চলাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰক কৰায়ত্ব কৰাৰ বিষয়ত অসন্তুষ্টি প্রকাশ কৰিছে। কিছুমান সংবাদ প্রতিষ্ঠানে আমেৰিকাৰ এই কাৰ্যৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আমেৰিকাৰ বাশ্বিংটন, বষ্টন, লছ এঞ্জেলছ, আটলান্টা, ছিকাগো, মিয়ামী আদি বৃহৎ মহানগৰসমূহত ভালেমান লোক ৰাজপথলৈ ওলাই আহি এই কাৰ্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰীসকল টাইমছ স্কোৱেৰত সমবেত হৈ হাতে হাতে বিভিন্ন প্লেকার্ড লৈ প্রতিবাদ সাবস্ত্য কৰিছে। প্ৰতিবাদকাৰীসকলে আমেৰিকাৰ এই কাৰ্যক সাম্রাজ্যবাদৰ বিস্তাৰ বুলি অভিহিত কৰিছে। তেওঁলোকে কৈছে যে আমেৰিকাবাসীয়ে এনেধৰণৰ কাৰ্যক কেতিয়াও সমর্থন নকৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ প্ৰয়োজনীয় অনুমোদন নোহোৱাকৈ এই অভিযান চলোৱা হৈছিল বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে।
Assamese | January 4, 2026 8:28 PM | USA Protest at Times Square
ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰক কৰায়ত্ব কৰাৰ বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেমক্রেটসকলৰ লগতে দেশ-বিদেশৰ ভালেমান সংবাদ প্রতিষ্ঠানৰ অসন্তুষ্টি প্রকাশ